Posts

শিৱসাগৰত সৰ্প বন্ধু ৰূপে পৰিচিত বিশ্বজিৎ বৰুৱাৰ মৃতদেহ উদ্ধাৰ

Image
শিৱসাগৰৰ পহুগঁড়ত এজন প্ৰকৃতিপ্ৰেমীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ মৃতদেহটো শিৱসাগৰত সৰ্পবন্ধু হিচাপে খ্যাত  বিশ্বজিৎ বৰুৱা(৪৭ বুলি জানিব পৰা গৈছে । তেওঁৰ ঘৰ জয়সাগৰৰ জয়ানগৰ অঞ্চলত ৷ প্ৰকৃত ঘটনা কাৰণ এতিয়াও জানিব  পৰা নাই | হাজাৰ ও অধিক সৰ্প উদ্ধাৰ কৰিছিল বুলি জানিব পৰা গৈছে বিশ্বজিৎ বৰুৱাই | শেহতীয়াকৈ অনুষ্ঠিত হোৱা স্বাধীনতা দিৱসত  সৰ্পমিত্রৰ সম্মান প্ৰদান কৰিছিল শিৱসাগৰ জিলা প্রশাসনে | ডিঙিত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে বিশ্বজিৎ বৰুৱাৰ মৃতদেহ । উল্লেখ্য যে,বৰুৱাক এখন টেবুলত আঠুকাঢ়ি থকালৈ লক্ষ্য কৰি ৰাইজে এই ঘটনাক আত্মহত্যাৰ পৰিৱৰ্তে পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছে ৷ জানিব পৰা মতে, বুধবাৰে নিশা ৮ বজাত তেওঁ ঘৰৰ পৰা উলাই গৈছিল ৷ নিশা ১২ বজাত এজন যুৱকে পৰিয়ালৰ লোকলৈ ফোন কৰি বিশ্বজিতে আত্মহত্যা কৰা বুলি জানিবলৈ দিছিল ।

শেনৰ আলি ৰঙ্গমঞ্চত কৃৰ্তী ছাত্র-ছাত্ৰীৰ বিশেষ অভিনন্দন অনুষ্ঠান

Image
শেনৰ আলি সাংস্কৃতিক উন্নয়ন সমিতিৰ উদ্যোগত শিক্ষা আৰু সাহিত্য শাখা সমিতিৰ সহযোগত শেনৰ আলি ৰঙ্গমঞ্চত কৃৰ্তী ছাত্র-ছাত্ৰীৰ বিশেষ অভিনন্দন অনুষ্ঠান আয়োজন কৰে । পুৱাভাগত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বৃক্ষ ৰোপন কৰা হয় , ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কবিতা আবৃত্তি, চিত্ৰাঙ্কণ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পিছতেই গাঁৱৰ মহিলাসকলৰ দ্বাৰা দিহানাম পৰিৱেশনেৰে অভিনন্দন অনুষ্ঠানটি শুভাৰম্ভ কৰা হয়  । শিক্ষা আৰু সাহিত্য শাখাৰ যুটীয়া সম্পাদিকা দিপাঞ্জলী গগৈ সন্দিকৈয়ে আঁতধৰা আৰু খগেন চাংমাইয়ে সভাপতিত্ব কৰা উক্ত সভাত সমাজকৰ্মী যোগেশ্বৰ দত্ত,অৱসৰপ্ৰাপ্ত শিক্ষক দেউকণ  চাংমাই, নৰেন দাস,শিক্ষাখণ্ডৰ সমন্বয়ক সংগীতা গগৈ,সমলব্যক্তি  ব্ৰজবল্লভ দত্ত,হৰেণ শৰ্মা, শিক্ষাবিদ মিতালী গোস্বামী, সমাজকৰ্মী বীৰেন চাবুকধৰা,কৰবী দুৱৰা, শিক্ষক বাস্তৱ কোঁৱৰ,স্থানীয় যুৱক ভাস্কৰজ্যোতি মহন্ত , সংবাদকৰ্মী অনন্ত কলিতা, অংশুমান দত্ত লগতে যুৱ সমাজকৰ্মী জয়ন্ত দত্ত অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত শেনৰ আলি সাংস্কৃতিক উন্নয়ন সমিতিৰ সম্পাদক যোগেন চেতিয়া, শিক্ষা আৰু সাহিত্য  শাখাৰ সভানেত্রী ...

সংযুক্ত ভাৰতীয় খেল ফাউণ্ডেশ্যনত সোণৰ পদক দখল গেলেকীৰ মহিলাৰ

Image
খেল খেলি ভালপোৱা গেলেকী অঞ্চলৰ এগৰাকী মহিলা । যিগৰাকী মহিলাক লৈ আজি গৌৰৱান্বিত সমগ্ৰ গেলেকীবাসী । গেলেকীৰ চাংমাই গাঁৱৰ নিবাসী প্ৰয়াত পূৰ্ণ বৰুৱাৰ সহধৰ্মিনী চম্পা দুৱাৰ বৰুৱাই জম্মু কাশ্মীৰত অনুষ্ঠিত (SBKF NATIONAL GAMES 2024) ত ৬৫ বছৰ উদ্ধৰ মহিলাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দুটাকৈ শাষাত প্ৰথম স্থান লাভ কৰি সোণৰ পদক আৰু এটা শাষাত দ্বিতীয় স্থান দখল কৰি চিলভাৰ পদক দখল কৰি গেলেকী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে । উল্লেখযোগ্য যে চলিত বৰ্ষৰ ২৪,২৫ আৰু ২৬ মে'ত ভাৰতৰ জম্মু কাশ্মীৰত অনুষ্ঠিত সংযুক্ত ভাৰতীয় খেল ফাউণ্ডেশ্যন ২০২৪ ত ৬৫ বছৰৰ উদ্ধৰ মহিলাৰ শিতানৰ জেভলিন , চৰ্টফুট আৰু ডিচকাচ শাষাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি চম্পা দুৱাৰ বৰুৱাই এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । চম্পা দুৱাৰ বৰুৱাই জেভলিনত সোণৰ পদক , চৰ্টফুটত সোণৰ পদক আৰু ডিচকাচত চিলভাৰ পদক জয় কৰিবলৈ সক্ষম হৈছে । মহিলাগৰাকীৰ এই সফলতাৰ বাবে ৱাৰিয়ৰ্ছ গেলেকী আঞ্চলিক সমিতিৰ বিষয়ববীয়া মহিলা গৰাকীৰ বাসগৃহত উপস্থিত হৈ অভিনন্দন জ্ঞাপন কৰে । ৱাৰিয়ৰ্ছ গেলেকী আঞ্চলিক সমিতিৰ হৈ সভানেত্ৰী ফৰিদাউল্লা সম্পাদিকা পূৰৱী নেউগ, জিলা উপ-সভানেত্ৰী পাৰবীন ...

গেলেকীত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সংবাদমেল

Image
গেলেকীত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ শিৱসাগৰ জিলাৰ সংবাদমেল সম্বোধন । শেহতীয়াকৈ ৰাজ্যৰ খনৰ বটলিফ ফেক্টৰীয়ে কেঁচা চাহপাত ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা ক্ৰয় নকৰাৰ সিদ্ধান্তত এতিয়া অনিশ্চয়তাত ভুগিছে ক্ষুদ্ৰ চাহ খেতিয়কসকল । অসমৰ চাহ খেতিয়ে ৰাজ্যখনৰ অৰ্থনীতি সৱল কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । শেহতীয়াকৈ একাংশ ক্ষুদ্ৰ চাহ খেতিয়কে  চাহ গছত অধিক পৰিমাণৰ ৰাসায়নিক দ্ৰব্য প্ৰয়োগ  কৰাৰ অজুহাত দেখুৱাই ৰাজ্যখনৰ ২০০ তকৈও অধিক বটলিফ চাহ ফেক্টৰীয়ে ৰাজ্যখনৰ ক্ষুদ্ৰ ক্ষুদ্ৰ চাহ খেতিয়কে উৎপাদন কৰা চাহপাত ক্ৰয় নকৰাৰ সিদ্ধান্ত লৈছিল । যাৰ বাবে এতিয়া ৰাজ্যখনৰ হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত হাহাকাময় পৰিৱেশৰ সৃষ্টি হোৱা দেখা পোৱা গৈছে । যাৰ বাবে আজি গেলেকীত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে  এক সংবাদমেলৰ যোগেদি বটলিফ ফেক্টৰী সমূহে লোৱা এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাই । লগতে শিৱসাগৰ জিলাৰ বিষয়ববীয়া সকলে জনাই যে শিৱসাগৰ জিলাত মাত্ৰ দুটা বটলিফ ফেক্টৰীয়েহে এই চাহপাত ক্ৰয় নকৰাৰ সিদ্ধান্ত লৈছে বাকী সমূহ বটলিফ ফেক্টৰীয়ে আ...

গেলেকীৰ প্ৰেছ ক্লাব গঠন ।

Image
শিৱসাগৰ জিলাৰ বৃহত্তৰ গেলেকী আঞ্চলৰ সংবাদসেৱী সকলৰ মঞ্চ গেলেকী প্ৰেছ ক্লাব গঠনৰ উদ্দেশ্যে সাধাৰণ সভা অনুষ্ঠিত হৈ যায় । গেলেকীৰ কৃষ্ণনাথ বেজবৰুৱা ক্লাবত প্ৰাক্তন গেলেকী মহাবিদ্যালয়ৰ অধ্যক্ষ সুৰেশ চেতিয়াৰ দেৱৰ পৌৰোহিত্যত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰাক্তন শিক্ষক ও সমাজকৰ্মী আব্দুল হেলিমে । সভাত বৃহত্তৰ গেলেকীৰ  শৈক্ষিক আৰু সামাজিক কেতবোৰ সমস্যাৰ বিষয়ে বিশদভাৱে আলোচনা হয় । বৃহত্তৰ গেলেকী অঞ্চলৰ সৰ্বাঙ্গীন উন্নতি সাধনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰেছ ক্লাবৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ পৰিসৰ তথা প্ৰেছ ক্লাবৰ পৰা হব লগীয়া উপকাৰীতাৰ বিষয়ে সভাত আমন্ত্ৰিত অতিথি সকলে বিশদভাৱে পৰ্যালোচনা কৰে । এই সভাতেই গেলেকী প্ৰেছ ক্লাবৰ  সমিতিখন গঠন কৰা হয় । গেলেকী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ও সমাজকৰ্মী সুৰেশ চেতিয়া, শিক্ষক ও সমাজকৰ্মী আব্দুল হেলিম , সমাজকৰ্মী ৰেকিবুল হুছেইন, অনাতাঁৰ শিল্পী ও সমাজকৰ্মী দিলিপ দত্ত, শিক্ষক ও সমাজকৰ্মী ৰাম নায়ক , সমাজকৰ্মী ৰবীন বৰঠাকুৰ,  সমাজকৰ্মী মুজ্জামিল হক ক উপদেষ্টা, সাংবাদিক ৱাহিদ আলিক সভাপতি , শিক্ষক ও সাহিত্যিক গুণ কান্ত মৰাণক উপ-সভাপতি, সাংবাদিক...

অভিনেতা জয়ন্ত দাসৰ দেহাৱসান

Image
কোনোদিন উভতি নহাৰ বাটেৰে গ'লগৈ মানুহজন - বিশিষ্ট অভিনেতা জয়ন্ত দাস আৰু নাই

মানুহজন শিৱসাগৰ বুলি সামাজিক মাধ্যমৰ যোগেদি জানিব পৰা গৈছে ।। কোনোবাই চিনি পাই যদি জনাব ।।

Image