সংযুক্ত ভাৰতীয় খেল ফাউণ্ডেশ্যনত সোণৰ পদক দখল গেলেকীৰ মহিলাৰ
খেল খেলি ভালপোৱা গেলেকী অঞ্চলৰ এগৰাকী মহিলা । যিগৰাকী মহিলাক লৈ আজি গৌৰৱান্বিত সমগ্ৰ গেলেকীবাসী ।
গেলেকীৰ চাংমাই গাঁৱৰ নিবাসী প্ৰয়াত পূৰ্ণ বৰুৱাৰ সহধৰ্মিনী চম্পা দুৱাৰ বৰুৱাই জম্মু কাশ্মীৰত অনুষ্ঠিত (SBKF NATIONAL GAMES 2024) ত ৬৫ বছৰ উদ্ধৰ মহিলাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দুটাকৈ শাষাত প্ৰথম স্থান লাভ কৰি সোণৰ পদক আৰু এটা শাষাত দ্বিতীয় স্থান দখল কৰি চিলভাৰ পদক দখল কৰি গেলেকী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে । উল্লেখযোগ্য যে চলিত বৰ্ষৰ ২৪,২৫ আৰু ২৬ মে'ত ভাৰতৰ জম্মু কাশ্মীৰত অনুষ্ঠিত সংযুক্ত ভাৰতীয় খেল ফাউণ্ডেশ্যন ২০২৪ ত ৬৫ বছৰৰ উদ্ধৰ মহিলাৰ শিতানৰ জেভলিন , চৰ্টফুট আৰু ডিচকাচ শাষাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি চম্পা দুৱাৰ বৰুৱাই এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । চম্পা দুৱাৰ বৰুৱাই জেভলিনত সোণৰ পদক , চৰ্টফুটত সোণৰ পদক আৰু ডিচকাচত চিলভাৰ পদক জয় কৰিবলৈ সক্ষম হৈছে ।
মহিলাগৰাকীৰ এই সফলতাৰ বাবে ৱাৰিয়ৰ্ছ গেলেকী আঞ্চলিক সমিতিৰ বিষয়ববীয়া মহিলা গৰাকীৰ বাসগৃহত উপস্থিত হৈ অভিনন্দন জ্ঞাপন কৰে । ৱাৰিয়ৰ্ছ গেলেকী আঞ্চলিক সমিতিৰ হৈ সভানেত্ৰী ফৰিদাউল্লা সম্পাদিকা পূৰৱী নেউগ, জিলা উপ-সভানেত্ৰী পাৰবীন বেগম , উপদেষ্টা মফিদা বেগম , বিত্ত সম্পাদিকা তনুজা বেগম , জনসংযোগ সম্পাদক ৱাহিদ আলি আৰু সদস্যা দিপামণি মৰাণ এই অভিনন্দন অনুষ্ঠানত উপস্থিত থাকে ।
Comments
Post a Comment