গেলেকীত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সংবাদমেল

গেলেকীত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ শিৱসাগৰ জিলাৰ সংবাদমেল সম্বোধন । শেহতীয়াকৈ ৰাজ্যৰ খনৰ বটলিফ ফেক্টৰীয়ে কেঁচা চাহপাত ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা ক্ৰয় নকৰাৰ সিদ্ধান্তত এতিয়া অনিশ্চয়তাত ভুগিছে ক্ষুদ্ৰ চাহ খেতিয়কসকল । অসমৰ চাহ খেতিয়ে ৰাজ্যখনৰ অৰ্থনীতি সৱল কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । শেহতীয়াকৈ একাংশ ক্ষুদ্ৰ চাহ খেতিয়কে  চাহ গছত অধিক পৰিমাণৰ ৰাসায়নিক দ্ৰব্য প্ৰয়োগ  কৰাৰ অজুহাত দেখুৱাই ৰাজ্যখনৰ ২০০ তকৈও অধিক বটলিফ চাহ ফেক্টৰীয়ে ৰাজ্যখনৰ ক্ষুদ্ৰ ক্ষুদ্ৰ চাহ খেতিয়কে উৎপাদন কৰা চাহপাত ক্ৰয় নকৰাৰ সিদ্ধান্ত লৈছিল । যাৰ বাবে এতিয়া ৰাজ্যখনৰ হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত হাহাকাময় পৰিৱেশৰ সৃষ্টি হোৱা দেখা পোৱা গৈছে । যাৰ বাবে আজি গেলেকীত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে  এক সংবাদমেলৰ যোগেদি বটলিফ ফেক্টৰী সমূহে লোৱা এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাই । লগতে শিৱসাগৰ জিলাৰ বিষয়ববীয়া সকলে জনাই যে শিৱসাগৰ জিলাত মাত্ৰ দুটা বটলিফ ফেক্টৰীয়েহে এই চাহপাত ক্ৰয় নকৰাৰ সিদ্ধান্ত লৈছে বাকী সমূহ বটলিফ ফেক্টৰীয়ে আজিও কেঁচা চাহপাত ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা লৈ আছে । উল্লেখযোগ্য যে বৰ্তমান শিৱসাগৰ জিলাত ৩৮ টা কলঘৰ আছে তাৰ ভিতৰত ১৯ টা বটলিফ ফেক্টৰী । বৰ্তমান যিখিনি বটলিফ ফেক্টৰীয়ে ক্ষুদ্ৰ চাহ খেতিয়কৰ দ্বাৰা উৎপাদিত কেঁচা চাহ পাত ক্ৰয় নকৰে সেই ফেক্টৰীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ হুংকাৰ প্ৰদান কৰাৰ উপৰিও সেই ফেক্টৰীসমূহৰ অনুজ্ঞাপত্ৰ বাতিলৰ বাবেও জিলাৰ আয়ুক্তৰ ওচৰত আবেদন কৰিব বুলি জনায় । কাৰণ এই ফেক্টৰীসমূহৰ অনুজ্ঞাপত্ৰ পোৱাৰ ক্ষেত্ৰত ক্ষুদ্ৰ চাহ খেতিয়কৰ ভূমিকা যথেষ্ট আছে । সংবাদমেলত উপস্থিত আছিল সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি বিষ্ণু মহন্ত, সম্পাদক  আমান উল্লাহ ,উপ সভাপতি দেৱাশিষ বৰুৱা ,কাৰ্যনিৰ্বাহক- শশাঙ্ক গগৈ , বিশ্বজিত গগৈ ।

Comments

Popular posts from this blog

শিৱসাগৰত সৰ্প বন্ধু ৰূপে পৰিচিত বিশ্বজিৎ বৰুৱাৰ মৃতদেহ উদ্ধাৰ

সংযুক্ত ভাৰতীয় খেল ফাউণ্ডেশ্যনত সোণৰ পদক দখল গেলেকীৰ মহিলাৰ

গেলেকীৰ প্ৰেছ ক্লাব গঠন ।