শেনৰ আলি ৰঙ্গমঞ্চত কৃৰ্তী ছাত্র-ছাত্ৰীৰ বিশেষ অভিনন্দন অনুষ্ঠান
শেনৰ আলি সাংস্কৃতিক উন্নয়ন সমিতিৰ উদ্যোগত শিক্ষা আৰু সাহিত্য শাখা সমিতিৰ সহযোগত শেনৰ আলি ৰঙ্গমঞ্চত কৃৰ্তী ছাত্র-ছাত্ৰীৰ বিশেষ অভিনন্দন অনুষ্ঠান আয়োজন কৰে । পুৱাভাগত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বৃক্ষ ৰোপন কৰা হয় , ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কবিতা আবৃত্তি, চিত্ৰাঙ্কণ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পিছতেই গাঁৱৰ মহিলাসকলৰ দ্বাৰা দিহানাম পৰিৱেশনেৰে অভিনন্দন অনুষ্ঠানটি শুভাৰম্ভ কৰা হয় । শিক্ষা আৰু সাহিত্য শাখাৰ যুটীয়া সম্পাদিকা দিপাঞ্জলী গগৈ সন্দিকৈয়ে আঁতধৰা আৰু খগেন চাংমাইয়ে সভাপতিত্ব কৰা উক্ত সভাত সমাজকৰ্মী যোগেশ্বৰ দত্ত,অৱসৰপ্ৰাপ্ত শিক্ষক দেউকণ চাংমাই, নৰেন দাস,শিক্ষাখণ্ডৰ সমন্বয়ক সংগীতা গগৈ,সমলব্যক্তি ব্ৰজবল্লভ দত্ত,হৰেণ শৰ্মা, শিক্ষাবিদ মিতালী গোস্বামী, সমাজকৰ্মী বীৰেন চাবুকধৰা,কৰবী দুৱৰা, শিক্ষক বাস্তৱ কোঁৱৰ,স্থানীয় যুৱক ভাস্কৰজ্যোতি মহন্ত , সংবাদকৰ্মী অনন্ত কলিতা, অংশুমান দত্ত লগতে যুৱ সমাজকৰ্মী জয়ন্ত দত্ত অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত শেনৰ আলি সাংস্কৃতিক উন্নয়ন সমিতিৰ সম্পাদক যোগেন চেতিয়া, শিক্ষা আৰু সাহিত্য শাখাৰ সভানেত্রী পুতলী বৰগোঁহাইৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।
Comments
Post a Comment