গেলেকীৰ প্ৰেছ ক্লাব গঠন ।

শিৱসাগৰ জিলাৰ বৃহত্তৰ গেলেকী আঞ্চলৰ সংবাদসেৱী সকলৰ মঞ্চ গেলেকী প্ৰেছ ক্লাব গঠনৰ উদ্দেশ্যে সাধাৰণ সভা অনুষ্ঠিত হৈ যায় । গেলেকীৰ কৃষ্ণনাথ বেজবৰুৱা ক্লাবত প্ৰাক্তন গেলেকী মহাবিদ্যালয়ৰ অধ্যক্ষ সুৰেশ চেতিয়াৰ দেৱৰ পৌৰোহিত্যত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰাক্তন শিক্ষক ও সমাজকৰ্মী আব্দুল হেলিমে । সভাত বৃহত্তৰ গেলেকীৰ  শৈক্ষিক আৰু সামাজিক কেতবোৰ সমস্যাৰ বিষয়ে বিশদভাৱে আলোচনা হয় । বৃহত্তৰ গেলেকী অঞ্চলৰ সৰ্বাঙ্গীন উন্নতি সাধনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰেছ ক্লাবৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ পৰিসৰ তথা প্ৰেছ ক্লাবৰ পৰা হব লগীয়া উপকাৰীতাৰ বিষয়ে সভাত আমন্ত্ৰিত অতিথি সকলে বিশদভাৱে পৰ্যালোচনা কৰে । এই সভাতেই গেলেকী প্ৰেছ ক্লাবৰ  সমিতিখন গঠন কৰা হয় । গেলেকী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ও সমাজকৰ্মী সুৰেশ চেতিয়া, শিক্ষক ও সমাজকৰ্মী আব্দুল হেলিম , সমাজকৰ্মী ৰেকিবুল হুছেইন, অনাতাঁৰ শিল্পী ও সমাজকৰ্মী দিলিপ দত্ত, শিক্ষক ও সমাজকৰ্মী ৰাম নায়ক , সমাজকৰ্মী ৰবীন বৰঠাকুৰ,  সমাজকৰ্মী মুজ্জামিল হক ক উপদেষ্টা, সাংবাদিক ৱাহিদ আলিক সভাপতি , শিক্ষক ও সাহিত্যিক গুণ কান্ত মৰাণক উপ-সভাপতি, সাংবাদিক হাফিজ আলিক সম্পাদক , ইমৰাণ ৰহমানক সহকাৰী সম্পাদক , বাণী কান্ত গগৈক কোষাধক্ষ , কাৰ্যালয় সম্পাদক-  প্ৰজিত গগৈক , মিন্টু কোঁৱৰ, বিদ্যাজ্যোতি গগৈ , আবিদুৰ হাজৰিকাক সদস্য হিচাপে সৰ্বসন্মতিক্ৰমে বাছনি কৰি গেলেকী প্ৰেছ ক্লাবৰ কমিটি  গঠন কৰা হয় । সভাত গেলেকী প্ৰেছ ক্লাবৰ স্থায়ী কাৰ্যালয় স্থাপনৰ বাবে প্ৰস্তাৱ লোৱা হয়  ।

Comments

Popular posts from this blog

শিৱসাগৰত সৰ্প বন্ধু ৰূপে পৰিচিত বিশ্বজিৎ বৰুৱাৰ মৃতদেহ উদ্ধাৰ

সংযুক্ত ভাৰতীয় খেল ফাউণ্ডেশ্যনত সোণৰ পদক দখল গেলেকীৰ মহিলাৰ