ফ্ৰী ফায়াৰ অন লাইন গেমেই কাল হ'ল এজন দশম শ্রেণীৰ মেধাৱী ছাত্ৰৰ

২৮ আগষ্ট ; ফ্ৰী ফায়াৰ গেমেই দশম শ্রেনীৰ এজন মেধাবী ছাত্ৰ জীৱনলৈ ঘোৰ অন্ধকাৰ নমাই আনিলে ।গোলাঘাট জিলাৰ দেৰগাঁও থানাৰ অন্তৰ্গত ৰঙামাটি মৌজাৰ চেউনি গাঁৱত ২৬ আগষ্টত এনে এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে ।উল্লেখ্য যে পিতৃ অজিত বৰবৰা আৰু মাতৃ গীতাঞ্জলি বৰবৰাৰ পুত্ৰ ত্ৰিদীপ(ৰাজা)বৰবৰা (১৬)ই যোৱা কিছু দিনৰ পৰা মাক-দেউতাকৰ অজ্ঞাতে ম'বাইল ফোনত এপছৰ জৰীয়তে অন লাইনত"ফ্ৰী ফায়াৰ"গেম খেলি থাকে আৰু বিষয়টো তেঁওৰ জেষ্ঠ ভাতৃয়ে গম পাইছিলে বুলিও জানিবলৈ দিয়ে।তেঁও লগতে  কয় যে তেঁও(ককায়েক)অহা গম পালেই গেমটো আতৰাই দিয়ে । ত্ৰিদিপৰ মাতৃ গীতিঞ্জলী বৰবৰাই এনেদৰেই কিছু দিন পাৰ কৰিলে। সাংবাদিকক জানিবলৈ দিয়ে যে ত্ৰিদীপৰ কোনো এজন খেলৰ সঙ্গীয়ে উক্ত খেলটোৰ বাবদ ৪হাজাৰ টকা ফোনত অডিঅ' কল যোগে বিছাৰিছিল।সেই মৰ্মে ত্ৰিদীপে তেঁওৰ মাকৰ যোগেদী বিষয়টো দেউতাকক অৱগত কৰাইছিল।দেউতাক এজন সামান্য খেতিয়ক যিজনে তেঁওৰ পৰিয়ালটিক দুবেলা দুমুঠি খাদ্য কোনোমতে যোগান ধৰি আহিছিল,তেনে স্থলত হঠাৎ পুত্ৰই বিছৰামতে ৪


হাজাৰ টকা পুত্ৰ ত্ৰিদীপক দিব নোৱাৰিলে। মাকে জনোৱা মতে দিনটো ত্ৰিদীপে আনদিনাৰ দৰেই সাধাৰণ জীৱন কটাইছিলে আৰু তেনেদৰে দিনটো ঘৰতে আছিলে।আবেলি প্ৰায় ৩মান বজাত পুত্ৰক নেদেখি   ককায়েকক চাবলৈ কয় আৰু ককায়েকে ঘৰটোৰ কোনোবা কোঠাত সোমাই আছে বুলি চোৱা চিতা কৰাত ঘৰৰ ভিতৰত থকা এটি গুদাম ঘৰত কুকুৰ বন্ধা এডাল ৰচীৰে তেঁও চিপ লৈ ওলমি থকা প্ৰত্যক্ষ কৰে আৰু ভাতৃক তেনে অৱস্থাত দেখি চিঞৰ বাখৰ কৰে লগে লগে স্থানীয় কোনো এজন লোকে ত্ৰিদীপক জীৱিত থকা গম পাই ৰচীদাল কাটি নমাই আনে।ততাতৈয়াকৈ চিকিৎসাৰ বাবে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসালয় নিয়াৰ পথত মৃত্যুক আকোঁৱালি লয় ত্ৰিদীপে। ৰঙামাটি বহুমূখী জাতীয় বিদ্যালয়ৰ দশম শ্রেনীত অধ্যয়নৰত ছাত্ৰগৰাকীৰ অকাল মৃত্যুত  বিদ্যালয়খনৰ লগতে গাঁওখনতো এক শোঁকৰ ছাঁ পৰিছে।ঘটনাৰ খবৰ পাই আজি বাদুলিপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা সঞ্জীৱ গগৈ সম্পাদক বিশ্বদ্বীপ শইকীয়া আৰু বিটু আহমেদ ত্ৰিদীপৰ গৃহত উপস্থিত হৈ ছাত্ৰগৰাকীৰ অকাল বিয়োগত গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে যিবোৰ ম'বাইল এপে এনেধৰনৰ দুৰ্ভাগ্যজনক ঘটনা ঘটাব পাৰে যাৰ বাবে ত্ৰিদীপৰ দৰে আন মাক-দেউতাকে যাতে নিজ পুত্ৰক হেৰুৱাব নালাগে তাৰ প্ৰতি সকলো মাক-দেউতাক সজাগ হোৱাৰ আহ্বান জনাই।মাতৃ,পৰিয়ালৰ সদস্যৰ লগতে ছাত্ৰ সংগঠনটোৰ বিষয়ববীয়াই  প্ৰশাসনক এনেবোৰ কাৰ্যকলাপ বন্ধ কৰাৰ আহ্বান জনাই।ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত দেৰগাঁও থানা আৰক্ষীক অৱগত কৰিছে বুলি মাতৃ গীতাঞ্জলী বৰবৰাই জানিবলৈ দিয়ে।


গোলাঘাটৰ পৰা জয় প্ৰসাদ গুপ্তা ৰিপৰ্ট।

Comments

Popular posts from this blog

শিৱসাগৰত সৰ্প বন্ধু ৰূপে পৰিচিত বিশ্বজিৎ বৰুৱাৰ মৃতদেহ উদ্ধাৰ

সংযুক্ত ভাৰতীয় খেল ফাউণ্ডেশ্যনত সোণৰ পদক দখল গেলেকীৰ মহিলাৰ

গেলেকীৰ প্ৰেছ ক্লাব গঠন ।