পূজা , নেহা , স্নেহা…… তোমালোক বৰ ভাল ছোৱালী আছিলা …… মা /দেউতাক ভালে ৰাখিবা…

 


                         (১)

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ তুলসীবিল আৰক্ষী চকীৰ অন্তৰ্গত তুলসীবিল বজাৰৰ বাসিন্দা নিৰ্মল পাল(৫২) , নিৰ্মল পালৰ  পত্নী মল্লিকা পাল (৪৫)আৰু তেওঁলোকৰ তিনি কন্যা সন্তান ক্ৰমে পূজা পাল( ২৫) নেহা পাল(১৭) আৰু স্নেহা পাল(১৫)ৰ মৃতদেহ আজি অৰ্থাৎ ২ নৱেম্বৰৰ ৰাতিপুৱা একেটা কোঠাতে চিপজৰী লোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰা হয় । একেটা পৰিয়ালৰ পাঁচ সদস্যই একেটা কোঠাতে আত্মহত্যা কৰা ঘটনা বিৰল বুলিয়েই বিৱেচিত হব । আৰু এয়া অতি কৰুণ ঘটনা , অতি মৰ্মান্তিক ঘটনা । মৃতকৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ । 

                              (২)

স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে সদৰি কৰা মতে অতিপাত ধাৰত পোত যোৱাৰ বাবেই নিৰ্মল পালৰ পৰিয়ালে তেনে এক সিদ্ধান্ত ললে । ব্যৱসায়ত লোকচান , বিভিন্নজনৰ পৰা সুদত ধাৰ , সুদত টকা ধাৰ দিয়া লোকসকলৰ হেঁচাৰ পৰিণতিতে তেনে এক চুড়ান্ত সিদ্ধান্ত ললে বুলি প্ৰকাশিত হৈছে । 

                          (৩)

সকলোৰে মনত এটাই প্ৰশ্ন পাঁচজনে বাৰু একেটা ৰুমতে কেনেদৰে আত্মহত্যা কৰিলে ? আত্মহত্যা কৰা বাৰু ইমান সহজ নে ? মানি ললো পিতৃ -মাতৃয়ে অন্ধকাৰ ভৱিষ্যতৰ কথা ভাৱি চিপজৰী ললে !!! কিন্তু পূজা(বয়স ২৫) নেহা(বয়স১৭) আৰু স্নেহা(বয়স১৫)ই স্বইচ্ছাৰে আত্মহত্যা কৰিব নে ? কোনে প্ৰথমে চিপজৰী লগাইছিল ? যদিহে প্ৰথমে পিতৃ বা মাতৃয়ে চিপজৰী লগাইছিল তেনেহলে চিপজৰী লগোৱাৰ পিছৰ ভয়ংকৰ দৃশ্য দেখি পূজা , নেহা আৰু স্নেহাই আত্মহত্যা কৰিব বিচাৰিব নে ? নিশ্চয় নকৰিব , বৰং ঘৰৰ পৰা দৌৰি পলোৱাৰ সম্ভাৱনা হে অধিক । যদিহে পিতৃয়ে এগৰাকী কন্যাক আৰু মাতৃয়ে এগৰাকী কন্যাক বলপূৰ্বক ফাঁচি দিয়ে তেতিয়াহলে তিনিনম্বৰ কন্যা সন্তানে নিশ্চয়কৈ চিৎকাৰ কৰিব । ইয়াৰে কিন্তু এটাও নহ'ল , বৰং সকলোকে একেটা কোঠালীতে ওলমি থকা দেখা গল । ভয়ংকৰ আৰু কৰুণ দৃশ্য । তেতিয়াহলে কেনেদৰে সম্ভৱ হ'ল ?? ওৱান ,টু ,থ্ৰি বুলি পাঁচজনে একেলগে চুইচাইড কৰিলে নেকি ? সম্ভৱ নে ? তেনেহলে ? বিএচচি উত্তীৰ্ণ হৈ ব্যাক্তিগতখণ্ডৰ বিদ্যালয়ত শিক্ষকতা কৰা পূজাৰ কি সপোন নাছিল ? নেহা আৰু স্নেহাই কিহৰ বাবে নিজৰ মৃত্যু কামনা কৰিব ? মৃত্যুক বুজি উঠাৰ বয়স হৈছেনে নেহা , স্নেহাৰ ? তাকো সমজুৱাভাৱে মৃত্যুক আঁকোৱালি লব পাৰেনে ? এজনৰ হলেও অন্তৰাত্মা নকঁপিলনে ? কেনেদৰে সম্ভৱ হ'ল এই নিদাৰুণ মৃত্যু ?? কোনে ন্যায় দিব দূৰ্ভগীয়া পৰিয়ালটিক ? 

                          (৪)

তিনি পৃষ্ঠাৰ এখন দীঘল চুইচাইড নোট উদ্ধাৰ কৰিছে আৰক্ষীয়ে । চুইচাইড নোটত কি লিখা আছে সেয়া তদন্তৰ খাতিৰত প্ৰকাশ কৰিব পৰা নাযায় । কিন্তু নিদাৰুণ বাস্তৱটো হ'ল তেওঁলোক আৰু এই পৃথিৱীত নাই । পূৰ্বে এনেধৰণৰ ঘটনা কাৰ্বিআংলংৰ পৰা আৰম্ভ কৰি দিল্লীলৈকে সংঘটিত হৈছে । যি কথা অনুমান কৰিব নোৱাৰে সেই কথাও বাস্তৱত সংঘটিত হয় । ডিপ্ৰেচনৰ শেষ পৰ্যায় মৃত্যু । যেতিয়া কোনো এটা পৰিয়ালৰ সকলো সদস্য ডিপ্ৰেচনত ভূগিব তেতিয়া পৰিয়ালৰে কোনোৱা এজন সদস্যই ডিপ্ৰেশনতে কোৱা কথাখিনিও আন সকলো সদস্যই মন্ত্ৰমুগ্ধতাৰে শুনি আখৰে আখৰে পালন কৰিব আৰু সেই মন্ত্ৰমুগ্ধতাৰে শুনি আখৰে আখৰে পালন কৰা কথাখিনিয়ে হ'ল ভয়ংকৰ …জীৱনক শেষ কৰি দিয়া ।  

                       (৫)

এবাৰ কল্পনা কৰি চাওঁকচোন , একেটা সৰু কোঠাতে পাঁচজনে আত্মহত্যা কেনেদৰে কৰিছিল !!! কন্যা সন্তানসকলক প্ৰথমে খাদ্যৰ সতে চেতনানাশক দ্ৰব্য মিহলি কৰি পিছত এজন এজন কৈ ওলোমাই থৈছিল নেকি ? নে প্ৰথমে পৰিয়ালৰ এজন সদস্যই সকলোৰে পৰা বিদায় লৈ চিপজৰী লৈছিল আৰু এই প্ৰক্ৰিয়া এজনৰ পিছত এজনকৈ সকলোৱে কৰিছিল ? নে একেবাৰতে ওৱান …টু… থ্ৰি… বুলি সকলোৱে ফাঁচি লৈছিল ? কোনেও কব নোৱাৰিব …প্ৰকৃততে কি হৈছিল কিয়নো মৃতকে কাহানিও কথা নকয় । 

                         (৬)

জীৱন বৰ অনুপম । জীৱনত দুখ -কষ্ট -আনন্দ -বিষাদ সকলোৱে থাকে । জীৱনক ভাল পাব নাজানিলে আপুনি মৃত্যুক জিনিব নোৱাৰে । মৃত্যুক জিনি বাচি থকাৰ নামেই জীৱন । আহক , আমি জীৱনক ভাল পাবলৈ শিকো । 

                              (৭)

পূজা ,নেহা ,স্নেহা …তোমালোকে যেনেকৈ চুইচাইড নোটত তোমালোকৰ মা/দেউতা খুব ভাল মানুহ বুলি লিখিছা …আমিও কওঁ …তোমালোক তিনিওজনীয়ে বৰ ভাল ছোৱালী আছিলা । কিন্তু অলপ ভুল কৰিলা অ' পূজা , নেহা , স্নেহা …। তোমালোকৰ মা /দেউতাৰ সিদ্ধান্ত তোমালোকে সলনি কৰিব লাগিছিল । আমি বৰ দুখ পাইছো অ' । চাই আছা নহয় এতিয়া ওপৰৰ পৰা …কেতিয়াও লগ নোপোৱা , নেদেখা , নুশুনা সকলোৱে তোমালোকৰ দুখত কেনেদৰে ম্ৰিমিয়ান হৈছে , কেনেদৰে চকুপানী উপচি পৰিছে । যতেই আছা ভালে থাকিবা দেই পূজা ,নেহা ,স্নেহা …। মা/দেউতাকো ভালে ৰাখিবা ।


#সংগ্ৰহিত

Comments

Popular posts from this blog

শিৱসাগৰত সৰ্প বন্ধু ৰূপে পৰিচিত বিশ্বজিৎ বৰুৱাৰ মৃতদেহ উদ্ধাৰ

সংযুক্ত ভাৰতীয় খেল ফাউণ্ডেশ্যনত সোণৰ পদক দখল গেলেকীৰ মহিলাৰ

গেলেকীৰ প্ৰেছ ক্লাব গঠন ।