Posts

Showing posts from June, 2024

শেনৰ আলি ৰঙ্গমঞ্চত কৃৰ্তী ছাত্র-ছাত্ৰীৰ বিশেষ অভিনন্দন অনুষ্ঠান

Image
শেনৰ আলি সাংস্কৃতিক উন্নয়ন সমিতিৰ উদ্যোগত শিক্ষা আৰু সাহিত্য শাখা সমিতিৰ সহযোগত শেনৰ আলি ৰঙ্গমঞ্চত কৃৰ্তী ছাত্র-ছাত্ৰীৰ বিশেষ অভিনন্দন অনুষ্ঠান আয়োজন কৰে । পুৱাভাগত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বৃক্ষ ৰোপন কৰা হয় , ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কবিতা আবৃত্তি, চিত্ৰাঙ্কণ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পিছতেই গাঁৱৰ মহিলাসকলৰ দ্বাৰা দিহানাম পৰিৱেশনেৰে অভিনন্দন অনুষ্ঠানটি শুভাৰম্ভ কৰা হয়  । শিক্ষা আৰু সাহিত্য শাখাৰ যুটীয়া সম্পাদিকা দিপাঞ্জলী গগৈ সন্দিকৈয়ে আঁতধৰা আৰু খগেন চাংমাইয়ে সভাপতিত্ব কৰা উক্ত সভাত সমাজকৰ্মী যোগেশ্বৰ দত্ত,অৱসৰপ্ৰাপ্ত শিক্ষক দেউকণ  চাংমাই, নৰেন দাস,শিক্ষাখণ্ডৰ সমন্বয়ক সংগীতা গগৈ,সমলব্যক্তি  ব্ৰজবল্লভ দত্ত,হৰেণ শৰ্মা, শিক্ষাবিদ মিতালী গোস্বামী, সমাজকৰ্মী বীৰেন চাবুকধৰা,কৰবী দুৱৰা, শিক্ষক বাস্তৱ কোঁৱৰ,স্থানীয় যুৱক ভাস্কৰজ্যোতি মহন্ত , সংবাদকৰ্মী অনন্ত কলিতা, অংশুমান দত্ত লগতে যুৱ সমাজকৰ্মী জয়ন্ত দত্ত অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত শেনৰ আলি সাংস্কৃতিক উন্নয়ন সমিতিৰ সম্পাদক যোগেন চেতিয়া, শিক্ষা আৰু সাহিত্য  শাখাৰ সভানেত্রী ...

সংযুক্ত ভাৰতীয় খেল ফাউণ্ডেশ্যনত সোণৰ পদক দখল গেলেকীৰ মহিলাৰ

Image
খেল খেলি ভালপোৱা গেলেকী অঞ্চলৰ এগৰাকী মহিলা । যিগৰাকী মহিলাক লৈ আজি গৌৰৱান্বিত সমগ্ৰ গেলেকীবাসী । গেলেকীৰ চাংমাই গাঁৱৰ নিবাসী প্ৰয়াত পূৰ্ণ বৰুৱাৰ সহধৰ্মিনী চম্পা দুৱাৰ বৰুৱাই জম্মু কাশ্মীৰত অনুষ্ঠিত (SBKF NATIONAL GAMES 2024) ত ৬৫ বছৰ উদ্ধৰ মহিলাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দুটাকৈ শাষাত প্ৰথম স্থান লাভ কৰি সোণৰ পদক আৰু এটা শাষাত দ্বিতীয় স্থান দখল কৰি চিলভাৰ পদক দখল কৰি গেলেকী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে । উল্লেখযোগ্য যে চলিত বৰ্ষৰ ২৪,২৫ আৰু ২৬ মে'ত ভাৰতৰ জম্মু কাশ্মীৰত অনুষ্ঠিত সংযুক্ত ভাৰতীয় খেল ফাউণ্ডেশ্যন ২০২৪ ত ৬৫ বছৰৰ উদ্ধৰ মহিলাৰ শিতানৰ জেভলিন , চৰ্টফুট আৰু ডিচকাচ শাষাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি চম্পা দুৱাৰ বৰুৱাই এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । চম্পা দুৱাৰ বৰুৱাই জেভলিনত সোণৰ পদক , চৰ্টফুটত সোণৰ পদক আৰু ডিচকাচত চিলভাৰ পদক জয় কৰিবলৈ সক্ষম হৈছে । মহিলাগৰাকীৰ এই সফলতাৰ বাবে ৱাৰিয়ৰ্ছ গেলেকী আঞ্চলিক সমিতিৰ বিষয়ববীয়া মহিলা গৰাকীৰ বাসগৃহত উপস্থিত হৈ অভিনন্দন জ্ঞাপন কৰে । ৱাৰিয়ৰ্ছ গেলেকী আঞ্চলিক সমিতিৰ হৈ সভানেত্ৰী ফৰিদাউল্লা সম্পাদিকা পূৰৱী নেউগ, জিলা উপ-সভানেত্ৰী পাৰবীন ...

গেলেকীত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সংবাদমেল

Image
গেলেকীত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ শিৱসাগৰ জিলাৰ সংবাদমেল সম্বোধন । শেহতীয়াকৈ ৰাজ্যৰ খনৰ বটলিফ ফেক্টৰীয়ে কেঁচা চাহপাত ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা ক্ৰয় নকৰাৰ সিদ্ধান্তত এতিয়া অনিশ্চয়তাত ভুগিছে ক্ষুদ্ৰ চাহ খেতিয়কসকল । অসমৰ চাহ খেতিয়ে ৰাজ্যখনৰ অৰ্থনীতি সৱল কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । শেহতীয়াকৈ একাংশ ক্ষুদ্ৰ চাহ খেতিয়কে  চাহ গছত অধিক পৰিমাণৰ ৰাসায়নিক দ্ৰব্য প্ৰয়োগ  কৰাৰ অজুহাত দেখুৱাই ৰাজ্যখনৰ ২০০ তকৈও অধিক বটলিফ চাহ ফেক্টৰীয়ে ৰাজ্যখনৰ ক্ষুদ্ৰ ক্ষুদ্ৰ চাহ খেতিয়কে উৎপাদন কৰা চাহপাত ক্ৰয় নকৰাৰ সিদ্ধান্ত লৈছিল । যাৰ বাবে এতিয়া ৰাজ্যখনৰ হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত হাহাকাময় পৰিৱেশৰ সৃষ্টি হোৱা দেখা পোৱা গৈছে । যাৰ বাবে আজি গেলেকীত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে  এক সংবাদমেলৰ যোগেদি বটলিফ ফেক্টৰী সমূহে লোৱা এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাই । লগতে শিৱসাগৰ জিলাৰ বিষয়ববীয়া সকলে জনাই যে শিৱসাগৰ জিলাত মাত্ৰ দুটা বটলিফ ফেক্টৰীয়েহে এই চাহপাত ক্ৰয় নকৰাৰ সিদ্ধান্ত লৈছে বাকী সমূহ বটলিফ ফেক্টৰীয়ে আ...