গোলাঘাটত পচণ্ড ধুমুহা । পথৰ কাষৰ বৰগছ উভালি এজনৰ মৃত্যু
কমাৰবন্ধাত প্ৰবল ধুমুহা---পথৰ কাষৰ বৰগছ পৰি এজনৰ মৃত্যু। গোলাঘাট জিলাৰ কমাৰবন্ধত সন্ধিয়া প্ৰায় ৬-৩০ মান বজাত এজাক প্ৰবল ধুমুহাই কোবাই যায় । এই ধুমুহা বতাহত অঞ্চলটোৰ ৰাইজৰ বিস্তৰ ক্ষতি সাধন হৈছে । এই ধুমুহাৰ সময়ত কমাৰবন্ধাৰ ৰেলগেট তিনিআলিত এক কৰুণ ঘটনা সংঘটিত হয় । ঘটনাৰ বিৱৰণী মতে শুক্ৰবাৰে সন্ধিয়া প্ৰায় ৬-৩০ অহা প্ৰবল ধুমুহা জাকত কমাৰবন্ধা গোহাঁই গাৱঁৰ হেম বৰা ই চাইকেলেৰে আহি থকাৰ সময়তে পথৰ কাষত থকা এজোপা ডাঙৰ বৰগছ উঘালি পৰে । বৰগছজোপাই হেম বৰাক চাইকেলেৰে সৈতে হেচা মাৰি ধৰে আৰু তেওঁ থিতাতে মৃত্যু হয় । মৃত লোকজান বয়স আছিল ৬০ বছৰ । লোকজনে পত্নী , এজন পুত্ৰ , কন্যা , নাতি নাতিনী সহ বহু আত্মীয় স্বজন এৰি থৈ গৈছে । হেম বৰাৰ মৃত্যু ত সমগ্ৰ অঞ্চলটোতে শোকৰ ছা পৰিছে । উল্লেখ্য যে এই ধুমুহা বতাহত উভালি পৰা বৰগছজোপাই নীৰজ নাওকাৰ চৌহদত ৰখাই থোৱা এখন indigo গাড়ীও চৰ্ণ বিচৃৰ্ণ কৰে ।
Comments
Post a Comment