শিৱসাগৰৰ পৌৰ সভাৰ কৰ্মীৰ লগত আলোচনা ৰাইজৰ দলৰ

শিৱসাগৰ পৌৰসভাৰ "চাফাই  কৰ্মী" সকলে বিভিন্ন দাবীত ধৰ্মঘট পালন কৰি থকাৰ বাবে শিৱসাগৰ নগৰখন এটা "ডাষ্টবিন"লৈ পৰিবৰ্তন হৈছে । উক্ত বিষয়তে আজি ৰাইজৰ দলৰ এক সজাঁতী দলে পৌৰসভাৰ বিষয়-ববীয়া সকলকৰ লগত এক আলোচনাত মিলিত হয় । উক্ত সজাতী দলত জিলাৰ উপসভাপতি নৱাব জাহিদুল হক,কেন্দ্ৰীয় কমিতিৰ সম্পাদক চাহজাহান আলি,নগৰ সমিতিৰ সভাপতি  ৰুপা বড়া, উপসভাপতি ইউচুফ টামূলী, সম্পাদক চেলিম চুলতান আৰু বহুকেইজন বিষয় ববীয়া উপস্থিত থাকে । দলে অতিশীঘ্ৰেই বিষয়তো জিলা প্ৰশাশনৰ লগত আলোচনা কৰি নিজা ববীয়াকৈ চাফাই অভিযান আৰম্ভ কৰিব বুলি অৱগত কৰে ।

Comments

Popular posts from this blog

পূজা , নেহা , স্নেহা…… তোমালোক বৰ ভাল ছোৱালী আছিলা …… মা /দেউতাক ভালে ৰাখিবা…

কিডনী বিকল‌ হোৱাৰ লক্ষণ

গোলাঘাট জিলাৰ নতুন ন্যায়িক আদালত ভৱন মুকলি