আফগানিস্তানৰ ক্ৰিকেট দলটোৰ বিষয়ে কিছু নজনা কথা

 


আফগানিস্থানৰ ক্ৰিকেট দলটোৰ কোনোবা এজন সদস্য জীৱিকাসূত্ৰে ৰাজমিস্ত্ৰী, কোনোবা এজন ৰিক্সাচালক , কোনোবা এজনৰ চাইকেল মেৰামতিৰ সৰু দোকান আছে । কেইজনমানৰ শৈশৱ শৰণাৰ্থী শিবিৰত অতিবাহিত। হয়তো জীৱন সংগ্ৰামৰ এই কঠোৰ অনুশীলনে তেওলোকক ক্ৰীড়াক্ষেত্ৰলৈও একোজন দুৰ্দান্ত সৈনিকলৈ ৰূপান্তৰিত কৰিছে যাৰ বাবে তেওলোকে অতি শক্তিশালী প্ৰতিদ্বন্দীৰ বিৰুদ্ধে হাৰিলেও যুঁজি যুঁজি হাৰে । 


শেহতীয়া টুৰ্ণামেণ্টৰ অন্যতম শক্তিশালী দল পাকিস্থানেও নিজৰ লীগ মেচত যেনে-তেনেহে আফগানিস্থানৰ বিৰুদ্ধে জয় লাভ কৰে। আফগান বেটছমেন সকলে উইকেট পতনৰ পাছতো আক্ৰমণাত্মক ভংগীমাৰে যুঁজ অব্যাহত ৰাখে । বলিঙতো একেই যুঁজাৰু মনোভাৱ ।


হামিদ হাছান নামৰ বলাৰজনে 145 KM/Hস্পীডত দুৰ্দান্ত বলিং কৰে , তাৰকা স্পীনাৰ অলৰাউণ্ডাৰ ৰাছিদ খান আৰু উইকেটকীপাৰ বেটছমেন মহম্মদ ছাহজাদ দুয়োৰে শৈশৱ শৰণাৰ্থী শিবিৰত অতিবাহিত হৈছিল । ৰাছিদ খান এজন বিশ্বমানৰ স্পীনাৰ, উইকেটকীপাৰ বেটছমেন মহম্মদ ছাহজাদে আক্ৰাত্মক ভংগীৰে ভাৰতৰ ধোনীৰ দৰেই হেলিকপ্টাৰ শ্বট খেলেখেলে। অলৰাউণ্ডাৰ মহম্মদ নবি পৃথিৱীৰ সকলো প্ৰিমিয়াৰ লীগত খেলিবলৈ আমন্ত্ৰিত হয় । 


*আটাইতকৈ উল্লেখনীয় দিশটো কি জানেনে ?


 তেওঁলোকে তালিবানৰ পূৰ্বৰ চৰকাৰৰ শাসনকালত প্ৰয়োজনীয় অৰ্থৰ অভাৱত চুবুৰীয়া পাকিস্থানৰ ক্লাব পৰ্য্যায়ৰ খেলুৱৈসকলে ব্যৱহাৰ কৰি পেলনীয়া সামগ্ৰীৰূপে পেলাই দিয়া দিয়া ক্ৰীড়া সামগ্ৰীবোৰ সংগ্ৰহ কৰি কঠোৰ অনুশীলন কৰি আহি আজি এই পৰ্য্যায় পাইছে। 


যুদ্ধবিধ্বস্ত তথা আৰ্থিক ভাৱে পৃথিৱীৰ অন্যতম দৰিদ্ৰ ৰাষ্ট্ৰ বুলি পৰিচিত এই দেশখনৰ ক্ৰিকেট দলটো প্ৰশংসাযোগ্য কেৱল এইবাবে নহয় যে তেওঁলোকে অতি দুৰ্দান্ত ক্ৰীড়াশৈলী প্ৰদৰ্শন কৰে, বৰঞ্চ এইবাবে যে চৌপাশৰ অতি প্ৰতিকূল পৰিস্থিতি সত্বেও ক্ৰীড়াজগতত তেওঁলোকৰ অগ্ৰগতিৰ কাহিনী অন্যান্য দলসমূহৰ বাবেও অতি প্ৰেৰণাদায়ক ।  


****✍️সঞ্জীৱ সন্দিকৈ*****


সংগ্ৰহীত :- ASSAMESE COLOURS PAGE

Comments

Popular posts from this blog

শিৱসাগৰত সৰ্প বন্ধু ৰূপে পৰিচিত বিশ্বজিৎ বৰুৱাৰ মৃতদেহ উদ্ধাৰ

সংযুক্ত ভাৰতীয় খেল ফাউণ্ডেশ্যনত সোণৰ পদক দখল গেলেকীৰ মহিলাৰ

গেলেকীৰ প্ৰেছ ক্লাব গঠন ।