গেলেকীৰ দৰিদ্ৰ মেধাৱী ছাত্ৰ মনোজ গগৈক উচ্চ শিক্ষা গ্ৰহণৰ বাবে শিক্ষামন্ত্ৰীৰ তৰফৰ পৰা 1 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান ।
গেলেকীৰ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ তথা গেলেকীৰ হিতেশ্ব গগৈ আৰু পূণিমা গগৈৰ পূত্ৰ মনোজ গগৈক উচ্চ শিক্ষা গ্ৰহণৰ বাবে আৰ্থিক অনাতন যাতে হেঙাৰ হব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ জিলাৰ বিজেপি সভাপতি ময়ুৰ বৰগোহাঁইয়ে ৰাজ্যৰ শিক্ষা মন্ত্ৰীৰ লগত যোগাযোগ কৰি শিক্ষামন্ত্ৰীৰ তৰফৰ পৰা 1 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ উপৰিও শিৱসাগৰ জিলাৰ বিজেপি সভাপতি ময়ুৰ বৰগোহাঁইৰ তৰফৰ পৰাও 50 হাজাৰ টকা ছাত্ৰ জনক উচ্চ শিক্ষা গ্ৰহণৰ বাবে প্ৰদান কৰা হয় । উল্লেখযোগ্য যে গেলেকীৰ দৰিদ্ৰ মেধাৱী ছাত্ৰজনে IIT উৰিষ্যা ভূৱনেশ্বৰত শিক্ষা গ্ৰহণৰ বাবে সুবিধা লাভ কৰিছে ।
আজি শিক্ষামন্ত্ৰীৰ হৈ শিৱসাগৰ জিলাৰ বিজেপিৰ সভাপতি ময়ুৰ বৰগোহাঁইয়ে এই ধনৰাশি ছাত্ৰজনক প্ৰদান কৰে । লগতে উপস্থিত থাকে জিলা বিজেপিৰ উপ সভাপতি পংকজ গগৈ
Comments
Post a Comment