Posts

Showing posts from November, 2021

AIRTEL , VODAFONE ৰ পিছত এইবাৰ JIO ই কৰিলে মূল্য বৃদ্ধি দৈনিক

Image
এয়াৰটেল আৰু ভিআইৰ পাছত এইবাৰ ৰিলায়েন্স জিঅ’ই কিমান বৃদ্ধি কৰিলে প্ৰিপেইড প্লানৰ মূল্য । কোনটো প্লেনৰ মূল্য কিমান চাই ল‌ওক 

শিৱসাগৰৰ পৌৰ সভাৰ কৰ্মীৰ লগত আলোচনা ৰাইজৰ দলৰ

Image
শিৱসাগৰ পৌৰসভাৰ "চাফাই  কৰ্মী" সকলে বিভিন্ন দাবীত ধৰ্মঘট পালন কৰি থকাৰ বাবে শিৱসাগৰ নগৰখন এটা "ডাষ্টবিন"লৈ পৰিবৰ্তন হৈছে । উক্ত বিষয়তে আজি ৰাইজৰ দলৰ এক সজাঁতী দলে পৌৰসভাৰ বিষয়-ববীয়া সকলকৰ লগত এক আলোচনাত মিলিত হয় । উক্ত সজাতী দলত জিলাৰ উপসভাপতি নৱাব জাহিদুল হক,কেন্দ্ৰীয় কমিতিৰ সম্পাদক চাহজাহান আলি,নগৰ সমিতিৰ সভাপতি  ৰুপা বড়া, উপসভাপতি ইউচুফ টামূলী, সম্পাদক চেলিম চুলতান আৰু বহুকেইজন বিষয় ববীয়া উপস্থিত থাকে । দলে অতিশীঘ্ৰেই বিষয়তো জিলা প্ৰশাশনৰ লগত আলোচনা কৰি নিজা ববীয়াকৈ চাফাই অভিযান আৰম্ভ কৰিব বুলি অৱগত কৰে ।

গেলেকীৰ দৰিদ্ৰ মেধাৱী ছাত্ৰ মনোজ গগৈক উচ্চ শিক্ষা গ্ৰহণৰ বাবে শিক্ষামন্ত্ৰীৰ তৰফৰ পৰা 1 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান ।

Image
গেলেকীৰ দৰিদ্ৰ পৰিয়ালৰ  মেধাৱী ছাত্ৰ তথা গেলেকীৰ হিতেশ্ব গগৈ আৰু পূণিমা গগৈৰ পূত্ৰ মনোজ গগৈক  উচ্চ শিক্ষা গ্ৰহণৰ বাবে আৰ্থিক অনাতন যাতে হেঙাৰ হব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ জিলাৰ বিজেপি সভাপতি ময়ুৰ বৰগোহাঁইয়ে  ৰাজ্যৰ শিক্ষা মন্ত্ৰীৰ লগত যোগাযোগ কৰি  শিক্ষামন্ত্ৰীৰ তৰফৰ পৰা 1 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ উপৰিও শিৱসাগৰ জিলাৰ বিজেপি সভাপতি ময়ুৰ বৰগোহাঁইৰ তৰফৰ পৰাও  50 হাজাৰ টকা ছাত্ৰ জনক উচ্চ শিক্ষা গ্ৰহণৰ বাবে প্ৰদান কৰা হয় । উল্লেখযোগ্য যে গেলেকীৰ দৰিদ্ৰ মেধাৱী ছাত্ৰজনে IIT উৰিষ্যা ভূৱনেশ্বৰত শিক্ষা গ্ৰহণৰ বাবে সুবিধা লাভ কৰিছে ।  আজি শিক্ষামন্ত্ৰীৰ হৈ শিৱসাগৰ জিলাৰ বিজেপিৰ সভাপতি ময়ুৰ বৰগোহাঁইয়ে এই ধনৰাশি ছাত্ৰজনক প্ৰদান কৰে । লগতে উপস্থিত থাকে জিলা বিজেপিৰ উপ সভাপতি পংকজ গগৈ

আফগানিস্তানৰ ক্ৰিকেট দলটোৰ বিষয়ে কিছু নজনা কথা

Image
  আফগানিস্থানৰ ক্ৰিকেট দলটোৰ কোনোবা এজন সদস্য জীৱিকাসূত্ৰে ৰাজমিস্ত্ৰী, কোনোবা এজন ৰিক্সাচালক , কোনোবা এজনৰ চাইকেল মেৰামতিৰ সৰু দোকান আছে । কেইজনমানৰ শৈশৱ শৰণাৰ্থী শিবিৰত অতিবাহিত। হয়তো জীৱন সংগ্ৰামৰ এই কঠোৰ অনুশীলনে তেওলোকক ক্ৰীড়াক্ষেত্ৰলৈও একোজন দুৰ্দান্ত সৈনিকলৈ ৰূপান্তৰিত কৰিছে যাৰ বাবে তেওলোকে অতি শক্তিশালী প্ৰতিদ্বন্দীৰ বিৰুদ্ধে হাৰিলেও যুঁজি যুঁজি হাৰে ।  শেহতীয়া টুৰ্ণামেণ্টৰ অন্যতম শক্তিশালী দল পাকিস্থানেও নিজৰ লীগ মেচত যেনে-তেনেহে আফগানিস্থানৰ বিৰুদ্ধে জয় লাভ কৰে। আফগান বেটছমেন সকলে উইকেট পতনৰ পাছতো আক্ৰমণাত্মক ভংগীমাৰে যুঁজ অব্যাহত ৰাখে । বলিঙতো একেই যুঁজাৰু মনোভাৱ । হামিদ হাছান নামৰ বলাৰজনে 145 KM/Hস্পীডত দুৰ্দান্ত বলিং কৰে , তাৰকা স্পীনাৰ অলৰাউণ্ডাৰ ৰাছিদ খান আৰু উইকেটকীপাৰ বেটছমেন মহম্মদ ছাহজাদ দুয়োৰে শৈশৱ শৰণাৰ্থী শিবিৰত অতিবাহিত হৈছিল । ৰাছিদ খান এজন বিশ্বমানৰ স্পীনাৰ, উইকেটকীপাৰ বেটছমেন মহম্মদ ছাহজাদে আক্ৰাত্মক ভংগীৰে ভাৰতৰ ধোনীৰ দৰেই হেলিকপ্টাৰ শ্বট খেলেখেলে। অলৰাউণ্ডাৰ মহম্মদ নবি পৃথিৱীৰ সকলো প্ৰিমিয়াৰ লীগত খেলিবলৈ আমন্ত্ৰিত হয় ।  *আটাইতকৈ উল্লেখনীয় দিশট...