আজিৰেপৰা নৈশ সান্ধ্য‌আইন জাৰি । কি কি আছে এই সান্ধ্য‌আইনত

 *ক'ভিড -19ৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে  নৈশ সান্ধ্য আইন জাৰি* 


ক'ভিড-19 ৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে অসমৰ প্ৰতিখন জিলাতে আজিৰেপৰা ১  মে'লৈকে কাৰ্যকৰী হোৱাকৈ নৈশ সান্ধ্য আইন জাৰি কৰিছে । সেই অনুসৰি নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ তলত উল্লেখ কৰা কেতবোৰ নিৰ্দিষ্ট সেৱাৰ সৈতে জড়িত তথা বিশেষ কেতবোৰ ক্ষেত্ৰৰ বাহিৰে সকলো লোকৰ আহ-যাহত নিষেধাজ্ঞা আৰোপ কৰা হৈছে -


১/ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ অধীনৰ বিষয়া-কৰ্মচাৰী, জৰুৰীকালীন সেৱাৰ সৈতে জড়িত চৰকাৰৰ অধীনস্থ তথা স্বতন্ত্ৰ কাৰ্য্যালয়, ৰাজহুৱা নিগম যেনে স্বাস্থ্য আৰু পৰিয়াল কল্যান তথা ইয়াৰ সৈতে জড়িত সকলো কেন্দ্ৰ আৰু চিকিৎসালয়, আৰক্ষী, কাৰাগাৰ, গৃহৰক্ষী বাহিনী, অসামৰিক প্ৰতিৰক্ষা, অগ্নি নিৰ্বাপক আৰু জৰুৰী সেৱা, জিলা প্ৰশাসন, পে এণ্ড একাউণ্ট অফিচ, বিদ্যুৎ, পানী আৰু অনাময়, ৰাজহুৱা পৰিবহন ( বিমান / ৰেল / বাছ) তথা ৰাজহুৱা পৰিবহন সুচাৰুৰূপে সম্পন্ন কৰিব পৰাকৈ সকলো ব্যৱস্থা (যেনে সামগ্ৰী পৰিবহন ব্যৱস্থা, টিকট, বিমানযোগে সামগ্ৰী পৰিবহনৰ কেন্দ্ৰ, চি এফ এছ, আই চি ডি আদি ), দুৰ্যোগ ব্যৱস্থাপনা আৰু ইয়াৰ সৈতে জড়িত সেৱা, এন আই চি, এন চি চি আৰু পৌৰ সেৱা আৰু আন সকলো অত্যাৱশ্যকীয় সেৱাক এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে । কিন্তু এইসমূহ সেৱাৰ সৈতে জড়িত লোকৰ বৈধ পৰিচয় পত্ৰ থাকিব লাগিব । ৰাজহুৱা সেৱা বাধাহীনভাৱে আগবঢ়োৱাটো সংশ্লিষ্ট বিভাগ তথা সংস্থাই সুনিশ্চিত কৰিব । 

২/ ন্যায় ব্যৱস্থাৰ সৈতে জড়িত সকলো বিষয়া-কৰ্মচাৰীক ৰেহাই দিয়া হৈছে ।

৩/ চিকিৎসক, নাৰ্ছ আৰু পেৰামেডিকেল কৰ্মচাৰীকে ধৰি ব্যক্তিগত খণ্ডৰ সকলো চিকিৎসাকৰ্মী আৰু আন চিকিৎসা সেৱা (যেনে চিকিৎসালয়, পৰীক্ষা কেন্দ্ৰ, ক্লিনিক, ফাৰ্মাচী, ঔষধ কোম্পানী আৰু আন চিকিৎসা তথা স্বাস্থ্য সেৱা )ৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য নহয় ।

৪/ গৰ্ভৱতী মহিলা আৰু ৰোগীক এইক্ষেত্ৰত ৰেহাই দিয়া হৈছে ।

৫/ বিমান বন্দৰ, ৰেলৱে ষ্টেচন আৰু আই এছ বি টি আদিলৈ যোৱা আৰু অহা লোকে বৈধ টিকট দেখুৱাই আহ-যাহ কৰিব পাৰিব । 

৬/ বিভিন্ন দেশৰ দূতাবাস অথবা কাৰ্যালয় তথা সাংবিধানিক পদবীত কৰ্মৰত বিষয়া - কৰ্মচাৰীকো ৰেহাই দিয়া হৈছে । কিন্তু তেওঁলোকে বৈধ পৰিচয় পত্ৰ দেখুৱাব লাগিব ।

৭/ এই নিষেধাজ্ঞাৰ পৰা  বৈধ পৰিচয় পত্ৰ থকা ছপা আৰু ইলেক্ট্ৰনিক মাধ্যমত কৰ্মৰত সংবাদকৰ্মীসকলে ৰেহাই পাব ।

৮/ এই সময়চোৱাত আন্ত:ৰাজ্যিক আৰু ৰাজ্যৰ ভিতৰত চলাচল কৰা জৰুৰীকালীন অথবা আন সামগ্ৰীৰ সৰবৰাহৰ ক্ষেত্ৰত কোনো বাধা নাথাকিব । ইয়াৰ বাবে কোনো সুকীয়া অনুমতি পত্ৰৰো প্ৰয়োজন ন’হ’ব ।

৯/ ব্যক্তিগত আৰু বাণিজ্যিক ব্যৱসায় প্ৰতিষ্ঠানৰ তলত উল্লেখ কৰা অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰিবহণৰ লগত জড়িত ব্যক্তিসকলৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা নাথাকিব :

ক) খাদ্যসামগ্ৰী, ফল-মূল আৰু শাক-পাচলিৰ দোকান, গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী, মাছ-মাংসৰ দোকান, পশুখাদ্য, ফাৰ্মাচী, দৰৱ আৰু চিকিৎসা সামগ্ৰীৰ পৰিবহণ

খ) বেংক, বীমা আৰু এ টি এম

গ) টেলি কমিউনিক্যেশ্যন, ইন্টাৰনেট সেৱা, ব্ৰ’ডকাষ্টিং আৰু কেবল সেৱা, তথ্য প্ৰযুক্তিৰ সৈতে জড়িত ব্যক্তি 

ঘ) ই-কমাৰ্চৰ জড়িয়তে খাদ্য সামগ্ৰী, ফাৰ্মাচী তথা চিকিৎসা সামগ্ৰীৰ পৰিবহণ

ঙ) পেট্ৰ’ল পাম্প, এল পি জি, চি এন জি, পেট্ৰলিয়াম আৰু গেছ আদিৰ খুচুৰা তথা মজুতকৰণ কেন্দ্ৰ

চ) শক্তি উৎপাদন আৰু বিদ্যুৎ সৰবৰাহ তথা বিতৰণ

ছ) শীতল ভঁড়াল আৰু গুদামৰ সৈতে জড়িত সেৱা

জ) ব্যক্তিগত নিৰাপত্তা সেৱা

ঝ) অত্যাৱশ্যকীয় সামগ্ৰী প্ৰস্তুতকৰণ গোট

ঞ) ধাৰাবাহিক প্ৰক্ৰিয়াৰ প্ৰয়োজন হোৱা যিকোনো উৎপাদন গোট তথা সেৱা


১০) ক’ভিডৰ প্ৰতিষেধক ল'বলৈ যোৱা ব্যক্তিৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা নাথাকিব ।


 *উপৰোক্ত নিৰ্দেশনাসমূহ অমান্য কৰিলে দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ৰ ৫১ৰ পৰা ৬০ ধাৰাৰ লগতে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।



Comments

Popular posts from this blog

শিৱসাগৰত সৰ্প বন্ধু ৰূপে পৰিচিত বিশ্বজিৎ বৰুৱাৰ মৃতদেহ উদ্ধাৰ

সংযুক্ত ভাৰতীয় খেল ফাউণ্ডেশ্যনত সোণৰ পদক দখল গেলেকীৰ মহিলাৰ

গেলেকীৰ প্ৰেছ ক্লাব গঠন ।