নামতি চাৰি আলিৰ যুৱক গোলাপজান আলিৰ মৃত্যু

 শিৱসাগৰ , নামতি 
 নামতি চাৰিআলিৰ ধোদৰ আলি গাঁৱৰ নিবাসী গোলাপজান আলী আজি এক পথ দুৰ্ঘটনাত অকাল মৃত্যুক আকোৱালি লয় ৷ ঐক্য সেনা অসমৰ নামতি আঞ্চলিক সমিতিৰ মুখ্য সম্পাদক তথা শিৱসাগৰ জিলা সমিতিৰ প্ৰচাৰ সম্পাদকৰ দায়িত্বত আছিল গোলাপজান আলি ৷ গোলাপজান আলিৰ আজি বিয়লি শিৱসাগৰ কালুগাঁৱত এক পথ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হয় ৷ কালুগাঁৱত AS-O6-Q-0708 নম্বৰৰ এখন বাহনখনৰ লগত হোৱা সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় গোলাপজান ৷ যুৱকজনক ততাতৈয়াকৈ জয়সাগৰ চিকিৎসালয়লৈ নিয়া হয় যদিও সংকটজনক অৱস্থাত চিকিৎসকে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ অৱশেষত ডিব্ৰুগড় চিকিৎসালয়ত মৃত্যু হয় বুলি জানিব পৰা গৈছে গোলাপজান আলিৰ ।

Comments

Popular posts from this blog

শিৱসাগৰত সৰ্প বন্ধু ৰূপে পৰিচিত বিশ্বজিৎ বৰুৱাৰ মৃতদেহ উদ্ধাৰ

সংযুক্ত ভাৰতীয় খেল ফাউণ্ডেশ্যনত সোণৰ পদক দখল গেলেকীৰ মহিলাৰ

গেলেকীৰ প্ৰেছ ক্লাব গঠন ।