আজিৰেপৰা নৈশ সান্ধ্যআইন জাৰি । কি কি আছে এই সান্ধ্যআইনত

*ক'ভিড -19ৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে নৈশ সান্ধ্য আইন জাৰি* ক'ভিড-19 ৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে অসমৰ প্ৰতিখন জিলাতে আজিৰেপৰা ১ মে'লৈকে কাৰ্যকৰী হোৱাকৈ নৈশ সান্ধ্য আইন জাৰি কৰিছে । সেই অনুসৰি নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ তলত উল্লেখ কৰা কেতবোৰ নিৰ্দিষ্ট সেৱাৰ সৈতে জড়িত তথা বিশেষ কেতবোৰ ক্ষেত্ৰৰ বাহিৰে সকলো লোকৰ আহ-যাহত নিষেধাজ্ঞা আৰোপ কৰা হৈছে - ১/ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ অধীনৰ বিষয়া-কৰ্মচাৰী, জৰুৰীকালীন সেৱাৰ সৈতে জড়িত চৰকাৰৰ অধীনস্থ তথা স্বতন্ত্ৰ কাৰ্য্যালয়, ৰাজহুৱা নিগম যেনে স্বাস্থ্য আৰু পৰিয়াল কল্যান তথা ইয়াৰ সৈতে জড়িত সকলো কেন্দ্ৰ আৰু চিকিৎসালয়, আৰক্ষী, কাৰাগাৰ, গৃহৰক্ষী বাহিনী, অসামৰিক প্ৰতিৰক্ষা, অগ্নি নিৰ্বাপক আৰু জৰুৰী সেৱা, জিলা প্ৰশাসন, পে এণ্ড একাউণ্ট অফিচ, বিদ্যুৎ, পানী আৰু অনাময়, ৰাজহুৱা পৰিবহন ( বিমান / ৰেল / বাছ) তথা ৰাজহুৱা পৰিবহন সুচাৰুৰূপে সম্পন্ন কৰিব পৰাকৈ সকলো ব্যৱস্থা (যেনে সামগ্ৰী পৰিবহন ব্যৱস্থা, টিকট, বিমানযোগে সামগ্ৰী পৰিবহনৰ কেন্দ্ৰ, চি এফ এছ, আই চি ডি আদি ), দুৰ্যোগ ব্যৱস্থাপনা আৰু ইয়াৰ সৈতে জড়িত সেৱা, এন...