Posts

Showing posts from March, 2022

কিডনী বিকল‌ হোৱাৰ লক্ষণ

Image
10 মাৰ্চত সমগ্র বিশ্ব জুৰি বৃক্ক দিৱস পালন কৰা হয়।বৃক্কৰ ক্ষতি কৰা কাৰকসমূহ, বৃক্কৰ সৈতে সম্পর্কিত ৰোগ আৰু বৃক্কক কেনেদৰে স্বাস্থ্যৱান কৰি ৰাখিব লাগে, এই বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ বিশ্ব বৃক্ক দিৱস উদযাপন কৰা হয়।  কিডনী বা বৃক্কৰ আকৃতি বীনৰ বীজৰ দৰে। ই হৈছে শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ। সেয়হে বৃক্কৰ যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ। কেতিয়াবা বৃক্ক বিকল হৈ পৰে। বহুলোকে একেবাৰে শেষতহে বৃক্ক সমস্যাৰ বিষয়ে জানিব পাৰে। তেতিয়া লৈকে তেওঁলোকৰ বৃক্কৰ বহুখিনি ক্ষতিগ্রস্ত হয়। বৃক্ক বিকল হোৱাৰ পূৰ্ৱে প্ৰাৰম্ভিক পৰ্যায়ত কিছুমান লক্ষণে দেখা দিয়ে, কিন্তু মানুহে সেই লক্ষণ বুজি নাপায়, গুৰুত্ব নিদিয়ে। বৃক্কৰ ৰোগ আৰম্ভ হলে এই লক্ষণসমূহে দেখা দিয়ে। এনে নহয় যে আপোনাৰ এই লক্ষণ দেখা দিলে বুলিয়েই বৃক্কৰ ৰোগ হব কিন্তু এই লক্ষণ সঘনে দেখা দিলে চিকিৎসকৰ কাষ চপাটো অতি প্ৰয়োজনীয়।  আহকচোন, জানি লও লক্ষণ সমূহ কি কি -  ১/ ওকালি আহি থকা।  ২/ বমি বমি ভাৱি লাগি থকা।  ৩/ কম ভোক অনুভৱ কৰা।  ৪/ ভাগৰ-দুৰ্বলতা।  ৫/ টোপনি অভাৱ।   ৬/ খুব কম বা খুব বেছি পৰিমাণে প্ৰস্ৰাৱ কৰ...

গোলাঘাট জিলাৰ নতুন ন্যায়িক আদালত ভৱন মুকলি

Image
গোলাঘাট নগৰত নিৰ্মাণ কৰা গোলাঘাট জিলাৰ নতুন ন্যায়িক আদালত ভৱনটো আজি মুকলি কৰা হয় । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুধাংশু ধুলীয়াই ভৱনটো আনুষ্ঠানিকভাৱে মুকলি কৰে । এই উপলক্ষে ভৱনৰ প্ৰথম মহলাত আজি আয়োজিত শুভাৰম্ভ অনুষ্ঠানত অংশ লৈ মুখ্য ন্যায়াধীশ গৰাকীয়ে গোলাঘাটৰ চহকী ইতিহাসৰ বিষয়ে উল্লেখ কৰি ন্যায় ব্যৱস্থাৰ সৈতে জড়িত জিলাখনৰ দুগৰাকী পুৰোধা ব্যক্তি ৰায় বাহাদুৰ ঘনশ্যাম বৰুৱা আৰু কৃষ্ণ প্ৰসাদ দুৱৰাক স্মৰণ কৰে । তেওঁ কয় যে এনে এটা উৎকৃষ্ট ভৱন নিৰ্মাণ কৰা মানেই যে ন্যায় ব্যৱস্থাও উৎকৃষ্ট হ'ব তেনে নহয় । ন্যায় ব্যৱস্থা সুলভ, উৎকৃষ্ট তথা যথাৰ্থ হ'লেহে এনে এটা মহৎ তথা আটকধুনীয়া ভৱনৰ গৰিমা অটুট থাকিব বুলি তেওঁ কয় । উচিত ন্যায় প্ৰদানৰ বাবে সুস্থ মগজু আৰু সুস্থ হৃদয়ৰ নিতান্তই প্ৰয়োজন বুলি উল্লেখ কৰি তেওঁ কয় যে ন্যায়ৰ ৰঙত কেতিয়াও ভিন্নতা নাথাকে, ন্যায়ৰ ৰং সদায় একে, ইয়াত কোনো ধৰণৰ বিভেদ থকা উচিত নহয় । ন্যায়ৰ এই আটকধুনীয়া ভৱনটোলৈ অহা কোনো ব্যক্তিয়ে যাতে কেতিয়াও তেঁওৰ সৈতে অন্যায় হোৱা বুলি অনুভৱ নকৰে সেইয়া সুনিশ্চিত কৰাটো জৰুৰী বুলিও তেওঁ মত প্...

গোলাঘাটত পচণ্ড ধুমুহা । পথৰ কাষৰ বৰগছ উভালি এজনৰ মৃত্যু

Image
কমাৰবন্ধাত প্ৰবল ধুমুহা---পথৰ কাষৰ বৰগছ পৰি এজনৰ মৃত্যু। গোলাঘাট জিলাৰ কমাৰবন্ধত সন্ধিয়া প্ৰায় ৬-৩০ মান বজাত এজাক প্ৰবল ধুমুহাই কোবাই যায় । এই ধুমুহা বতাহত অঞ্চলটোৰ ৰাইজৰ বিস্তৰ ক্ষতি সাধন হৈছে । এই ধুমুহাৰ সময়ত কমাৰবন্ধাৰ ৰেলগেট তিনিআলিত এক কৰুণ ঘটনা সংঘটিত হয় । ঘটনাৰ বিৱৰণী মতে শুক্ৰবাৰে সন্ধিয়া প্ৰায় ৬-৩০ অহা প্ৰবল ধুমুহা জাকত কমাৰবন্ধা গোহাঁই গাৱঁৰ হেম বৰা ই চাইকেলেৰে আহি থকাৰ সময়তে পথৰ কাষত থকা এজোপা ডাঙৰ বৰগছ উঘালি পৰে । বৰগছজোপাই হেম বৰাক চাইকেলেৰে সৈতে হেচা মাৰি ধৰে আৰু তেওঁ থিতাতে মৃত্যু হয় । মৃত লোকজান বয়স আছিল ৬০ বছৰ । লোকজনে পত্নী , এজন পুত্ৰ , কন্যা , নাতি নাতিনী সহ বহু আত্মীয় স্বজন এৰি থৈ গৈছে । হেম বৰাৰ মৃত্যু ত সমগ্ৰ অঞ্চলটোতে শোকৰ ছা পৰিছে । উল্লেখ্য যে এই ধুমুহা বতাহত উভালি পৰা বৰগছজোপাই নীৰজ নাওকাৰ চৌহদত ৰখাই থোৱা এখন indigo গাড়ীও চৰ্ণ বিচৃৰ্ণ কৰে ।