ফ্ৰী ফায়াৰ অন লাইন গেমেই কাল হ'ল এজন দশম শ্রেণীৰ মেধাৱী ছাত্ৰৰ

২৮ আগষ্ট ; ফ্ৰী ফায়াৰ গেমেই দশম শ্রেনীৰ এজন মেধাবী ছাত্ৰ জীৱনলৈ ঘোৰ অন্ধকাৰ নমাই আনিলে ।গোলাঘাট জিলাৰ দেৰগাঁও থানাৰ অন্তৰ্গত ৰঙামাটি মৌজাৰ চেউনি গাঁৱত ২৬ আগষ্টত এনে এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে ।উল্লেখ্য যে পিতৃ অজিত বৰবৰা আৰু মাতৃ গীতাঞ্জলি বৰবৰাৰ পুত্ৰ ত্ৰিদীপ(ৰাজা)বৰবৰা (১৬)ই যোৱা কিছু দিনৰ পৰা মাক-দেউতাকৰ অজ্ঞাতে ম'বাইল ফোনত এপছৰ জৰীয়তে অন লাইনত"ফ্ৰী ফায়াৰ"গেম খেলি থাকে আৰু বিষয়টো তেঁওৰ জেষ্ঠ ভাতৃয়ে গম পাইছিলে বুলিও জানিবলৈ দিয়ে।তেঁও লগতে কয় যে তেঁও(ককায়েক)অহা গম পালেই গেমটো আতৰাই দিয়ে । ত্ৰিদিপৰ মাতৃ গীতিঞ্জলী বৰবৰাই এনেদৰেই কিছু দিন পাৰ কৰিলে। সাংবাদিকক জানিবলৈ দিয়ে যে ত্ৰিদীপৰ কোনো এজন খেলৰ সঙ্গীয়ে উক্ত খেলটোৰ বাবদ ৪হাজাৰ টকা ফোনত অডিঅ' কল যোগে বিছাৰিছিল।সেই মৰ্মে ত্ৰিদীপে তেঁওৰ মাকৰ যোগেদী বিষয়টো দেউতাকক অৱগত কৰাইছিল।দেউতাক এজন সামান্য খেতিয়ক যিজনে তেঁওৰ পৰিয়ালটিক দুবেলা দুমুঠি খাদ্য কোনোমতে যোগান ধৰি আহিছিল,তেনে স্থলত হঠাৎ পুত্ৰই বিছৰামতে ৪ হাজাৰ টকা পুত্ৰ ত্ৰিদীপক দিব নোৱাৰিলে। মাকে জনোৱা মতে দিনটো ত্ৰিদীপে আনদিনাৰ দৰেই সাধাৰণ জীৱন কটাইছিলে আৰু তেনেদৰে দ...