Posts

Showing posts from January, 2021

নামতি চাৰি আলিৰ যুৱক গোলাপজান আলিৰ মৃত্যু

Image
 শিৱসাগৰ , নামতি   নামতি চাৰিআলিৰ ধোদৰ আলি গাঁৱৰ নিবাসী গোলাপজান আলী আজি এক পথ দুৰ্ঘটনাত অকাল মৃত্যুক আকোৱালি লয় ৷ ঐক্য সেনা অসমৰ নামতি আঞ্চলিক সমিতিৰ মুখ্য সম্পাদক তথা শিৱসাগৰ জিলা সমিতিৰ প্ৰচাৰ সম্পাদকৰ দায়িত্বত আছিল গোলাপজান আলি ৷ গোলাপজান আলিৰ আজি বিয়লি শিৱসাগৰ কালুগাঁৱত এক পথ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হয় ৷ কালুগাঁৱত AS-O6-Q-0708 নম্বৰৰ এখন বাহনখনৰ লগত হোৱা সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় গোলাপজান ৷ যুৱকজনক ততাতৈয়াকৈ জয়সাগৰ চিকিৎসালয়লৈ নিয়া হয় যদিও সংকটজনক অৱস্থাত চিকিৎসকে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ অৱশেষত ডিব্ৰুগড় চিকিৎসালয়ত মৃত্যু হয় বুলি জানিব পৰা গৈছে গোলাপজান আলিৰ ।

শিৱসাগৰত মূখ্যমন্ত্ৰী

Image
ইতিহাসপ্ৰসিদ্ধ শিৱসাগৰৰ জেৰেঙা পথাৰত অহা ২৩ জানুৱাৰীত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক উষ্ম আদৰণি জনাবলৈ চলোৱা প্ৰস্তুতিৰ পৰ্যবেক্ষণ কৰে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । লগত  ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক  দিলীপ শইকীয়া ,  মন্ত্ৰী যোগেন মহন, সাংসদ  কামাখ্যা প্ৰসাদ তাছা উপস্থিত থাকে ।