Posts

Showing posts from November, 2020

পূজা , নেহা , স্নেহা…… তোমালোক বৰ ভাল ছোৱালী আছিলা …… মা /দেউতাক ভালে ৰাখিবা…

Image
  …                          (১) কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ তুলসীবিল আৰক্ষী চকীৰ অন্তৰ্গত তুলসীবিল বজাৰৰ বাসিন্দা নিৰ্মল পাল(৫২) , নিৰ্মল পালৰ  পত্নী মল্লিকা পাল (৪৫)আৰু তেওঁলোকৰ তিনি কন্যা সন্তান ক্ৰমে পূজা পাল( ২৫) নেহা পাল(১৭) আৰু স্নেহা পাল(১৫)ৰ মৃতদেহ আজি অৰ্থাৎ ২ নৱেম্বৰৰ ৰাতিপুৱা একেটা কোঠাতে চিপজৰী লোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰা হয় । একেটা পৰিয়ালৰ পাঁচ সদস্যই একেটা কোঠাতে আত্মহত্যা কৰা ঘটনা বিৰল বুলিয়েই বিৱেচিত হব । আৰু এয়া অতি কৰুণ ঘটনা , অতি মৰ্মান্তিক ঘটনা । মৃতকৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ ।                                (২) স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে সদৰি কৰা মতে অতিপাত ধাৰত পোত যোৱাৰ বাবেই নিৰ্মল পালৰ পৰিয়ালে তেনে এক সিদ্ধান্ত ললে । ব্যৱসায়ত লোকচান , বিভিন্নজনৰ পৰা সুদত ধাৰ , সুদত টকা ধাৰ দিয়া লোকসকলৰ হেঁচাৰ পৰিণতিতে তেনে এক চুড়ান্ত সিদ্ধান্ত ললে বুলি প্ৰকাশিত হৈছে ।            ...